Posts

Unknown Thoughts

He cannot willingly return to darkness.... or go blind once he has the gift of sight... any more than he can be unborn. Capable of creating self-reflection. The only species with the toxin of self doubt written into our genetic code. Unequal to our gifts, we build, we buy, we consume. We wrap ourselves in the illusion of material success. We cheat and deceive as we claw our way to the pinnacle of what we define as achievement. Superiority. There is a sickness inside us. Rising like the bile that leaves that better taste at the back of our throats. It's their in everyone of you seated around the table. We deny its existence until one day the body rebels against the mind and screams out, "I am not a well man"

এটি নিশা তুমি আৰু মই

মই ইয়াত তুমি ইয়াত আৰু আমাৰ মাজত আছে এটি দীঘলীয়া নিশা । মাথোঁ অপেক্ষা আৰম্ভণিৰ। তোমাৰ কোমল বুকুৰ পৰশ পাবলৈ মই ব্যাকুল। সাৱটি লবলৈ তোমাক। আহাঁ আগুৱাই আৰু নীৰৱতা ভাঙি বিচৰাহি মোৰ বুকুৰ উম। আউলি বাউলি তোমাৰ চুলিৰ মাজত মোৰ আঙুলিৰ পৰশ । মোৰ পিঠিত তোমাৰ নখৰ আঁচোৰ। ওঁঠৰ উষ্ম চুমা আঁকি দিয়া । নাৰাখিবা একো বান্ধোন। তুমি মই মিলি এক হওঁ এই নিশা । প্ৰিয়তমা মোৰ গভীৰ এই নিশা আৰু তাঁতকৈও গভীৰ আমাৰ প্ৰেম। ভাগৰি পৰিব সময় আমাৰ মিলনৰ মূহুৰ্তত। এটি দীঘলীয়া নিশা তুমি আৰু মই ।

শব্দ মোৰ মনৰ

শব্দৰ সন্ধানত এই নিস্তব্ধ নিশা । চাৰিওফালে কেৱল আন্ধাৰ আৰু নিশব্দতা। জোনাকৰ পোহৰ আছিল কিন্তু এতিয়া জানো কত লুকাল । আৱৰি ধৰিছে ঘন কঁলা মেঘে । ইমান শূন্যতা কিয় ? আহিবনে এজাক বৰষুণ ? হবনে ফৰকাল এই ৰাতি ? শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই আৱৰি ৰাখিছে মোক । মনত আছে তোমাৰ মুখত শুনা গান । কিন্তু এতিয়া তুমি আছা দুৰিণীত আৰু মই আছোঁ অকলশৰে। শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই অৱৰিছে মোৰ বুকু । হবনে ৰাতিপুৱা ? শুনিম নে সেই মধুৰ সুৰ ? আছোঁ ৰৈ পোহৰলৈ । নিশব্দে নীৰৱে ।

Mor Sotal

মোৰ আছে এখন শুকাই ফাট মেলা চোতাল বহু দিন হল এনেকৈ থকা । হয়তো আগন্তুক সময়তো তেনেকৈয়ে থাকিব । বহু দিনৰ পৰা তাৰ অপেক্ষা এজাক বৰষুণৰ। আগফালৰ শেৱালি জোপাওঁ লেৰেলী গৈছে । দিন ৰাতি একাকাৰ এটোপাল বৰষুণৰ অপেক্ষাত । এজাক পাতলীয়া বৰষুণ আহি ভিজাই গল তাক । মনত পেলাই গল সেউজীয়া দিনৰ সুমধুৰ স্মৃতি । ঠন ধৰি উঠিল শেৱালি জোপাওঁ। কিন্তু এয়া যে আছিল ক্ষন্তেকীয়া এজাক পাতলীয়া বৰষুণ । তাক লাগে এজাক নেৰানেপেৰা বৰষুণ পাবলৈ নতুন উৰ্বৰা । এজোপা তুলসী, এজোপা তগৰ আৰু এজোপা গোলাপ । এখন সম্পূৰ্ণ চোতাল ।

পৰশ তোমাৰ

অসীমৰ মাজত আবদ্ধ মই নিজকে বিচাৰি ফুৰিছো ভুগিছোঁ মইহীনতাত মই আছোঁ ৰৈ মোৰ বাবে মোক লাগে অলপ পোহৰ নিজৰ সন্ধান পাবলৈ তুমি আহিছা এগছি চাকি লৈ মোৰ আন্ধাৰ জীৱনত পাম জানো মই তোমাৰ পৰশ থাকিবা জানো তুমি মোলৈ ৰৈ মই বিচাৰি পাইছো নিজকে তোমাৰ মাজত পাইছো এক নতুন আশা এতিয়া মোৰ অসীমৰ যাত্ৰা গুচাই সকলো বান্ধোন উৰিবলে মন অসীমলৈ মাথো লাগে তোমাৰ পৰশ তোমাৰ পৰশ ।

তোমাৰ অপেক্ষাত

তুমি মোৰ বাবে আছা নে ৰৈ ? তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন । মনক বুজাব মোৰ ভাষা নাই । আছে মাথো তোমাৰ স্মৃতি । তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত । হাতত হাত থৈ পাৰ কৰা গধূলি । তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত। মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ । তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ । এদিন দুদিন আৰু বহুদিন । মোৰো একেই অপেক্ষা । মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ? এটা ছাতিৰ তলত দুয়ো ভিজা । ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন । আপোন পাহৰা সময় । আকৌ ভিজিব মন আছে । কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই । বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন । তুমি মোৰ বাবে আছা নে ৰৈ ?