Mor Sotal

মোৰ আছে এখন শুকাই ফাট মেলা চোতাল
বহু দিন হল এনেকৈ থকা ।
হয়তো আগন্তুক সময়তো তেনেকৈয়ে থাকিব ।

বহু দিনৰ পৰা তাৰ অপেক্ষা এজাক বৰষুণৰ।
আগফালৰ শেৱালি জোপাওঁ লেৰেলী গৈছে ।
দিন ৰাতি একাকাৰ এটোপাল বৰষুণৰ অপেক্ষাত ।

এজাক পাতলীয়া বৰষুণ আহি ভিজাই গল তাক ।

মনত পেলাই গল সেউজীয়া দিনৰ সুমধুৰ স্মৃতি ।
ঠন ধৰি উঠিল শেৱালি জোপাওঁ।


কিন্তু এয়া যে আছিল ক্ষন্তেকীয়া এজাক পাতলীয়া বৰষুণ ।

তাক লাগে এজাক নেৰানেপেৰা বৰষুণ
পাবলৈ নতুন উৰ্বৰা ।


এজোপা তুলসী, এজোপা তগৰ আৰু এজোপা গোলাপ ।
এখন সম্পূৰ্ণ চোতাল ।

Comments

Popular posts from this blog

এজাক বৰষুণ

তোমাৰ অপেক্ষাত

মাথো তোমাৰেই অপেক্ষা