পৰশ তোমাৰ

অসীমৰ মাজত আবদ্ধ মই
নিজকে বিচাৰি ফুৰিছো
ভুগিছোঁ মইহীনতাত

মই আছোঁ ৰৈ মোৰ বাবে
মোক লাগে অলপ পোহৰ
নিজৰ সন্ধান পাবলৈ

তুমি আহিছা এগছি চাকি লৈ
মোৰ আন্ধাৰ জীৱনত
পাম জানো মই তোমাৰ পৰশ
থাকিবা জানো তুমি মোলৈ ৰৈ
মই বিচাৰি পাইছো নিজকে তোমাৰ মাজত
পাইছো এক নতুন আশা

এতিয়া মোৰ অসীমৰ যাত্ৰা
গুচাই সকলো বান্ধোন
উৰিবলে মন অসীমলৈ
মাথো লাগে তোমাৰ পৰশ
তোমাৰ পৰশ ।

Comments

Popular posts from this blog

এজাক বৰষুণ

তোমাৰ অপেক্ষাত

মাথো তোমাৰেই অপেক্ষা