The one with a wand Get link Facebook X Pinterest Email Other Apps January 27, 2019 Believing in disbelieve Looking out through the window Shouted the sparrow "I can greet you with a smile" !! Displaying his feathers and prance around, Went the peafowl to the wild. Get link Facebook X Pinterest Email Other Apps Comments
এজাক বৰষুণ May 16, 2017 এজাক বৰষুণ কিমান ভাল লাগে বৰষুণৰ শব্দ । টিপ টিপ টোপাল বোৰ নিগৰি আহে আকাশৰ বুকুৰ পৰা । এয়া অকল পানীৰ টোপাল নহয় । হয় এক আশা। কেতিয়াবা টিপ টিপ, কেতিয়াবা জপ জপ । এজাক কিনকিনিয়া বৰষুণ । শুকান হৈ ৰোৱা মনত এক আশাৰ সঞ্চাৰ । ভিজাই যায় মোৰ দেহ । মোৰ মন । দি যায় এক বিশেষ সুখ । এক স্বৰ্গীয় অনুভৱ । কেতিয়াবা বৰষুণত ভিজি পাইছেনে ? কেতিয়াবা হঠাৎ অহা বৰষুণত উপায়ন্তৰ হৈ ভিজাৰ কথা সোধা নাই । মই সুধিছো কেতিয়াবা বৰষুণত ভিজি পাইছে নে ? এবাৰ ভিজি চাওক। আপোন কৰি লওক বৰষুণ জাকক । ভয়াটোৰ আত্মাক মুক্তি দিয়ক । বৰষুণৰ পানীৰে নিজকে পৰিচয় কৰাওক । দেহৰ প্ৰতিটো কাণেৰে নিগৰিব দিয়ক । প্ৰতিটো অংগ চুই যাব দিয়ক । আঁকোৱালি লওঁক নিজক। ধুই পেলাওক নিজৰ স্বাভিমানক । ধুই পেলাওক নিজৰ ব্যক্তিত্বক । এক হৈ যাওক প্ৰকৃতিৰ লগত । তেতিয়া বিচাৰি পাব নিজক। নিজৰ অস্তিত্বক । এবাৰ বৰষুণত ভিজি চাওক । ভাল লাগিব । Read more
তোমাৰ অপেক্ষাত September 08, 2017 তুমি মোৰ বাবে আছা নে ৰৈ ? তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন । মনক বুজাব মোৰ ভাষা নাই । আছে মাথো তোমাৰ স্মৃতি । তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত । হাতত হাত থৈ পাৰ কৰা গধূলি । তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত। মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ । তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ । এদিন দুদিন আৰু বহুদিন । মোৰো একেই অপেক্ষা । মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ? এটা ছাতিৰ তলত দুয়ো ভিজা । ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন । আপোন পাহৰা সময় । আকৌ ভিজিব মন আছে । কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই । বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন । তুমি মোৰ বাবে আছা নে ৰৈ ? Read more
মাথো তোমাৰেই অপেক্ষা July 13, 2017 অসীম আকাশৰ তলত মই এটি যাযাবৰ দিন যায় আৰু ৰাতি বিচাৰি নাপাওঁ আৰম্ভনি পথৰ মাজত আছোঁ ৰৈ ... অপেক্ষাৰত মন বিচাৰোঁ তোমাৰ পৰশ তুমিও আছা তোমাৰ পৰশও আছে মাথো মই নাই বিচাৰি পোৱা নাই মই পথ তোমালৈ । আঁতৰাই দিয়া সকলো প্ৰাচীৰ ছিঙি পেলোৱা বান্ধোন মই আছোঁ অকলশৰে মাথো তোমাৰেই অপেক্ষাত । Read more
Comments
Post a Comment