তোমাৰ অপেক্ষাত
তুমি মোৰ বাবে আছা নে ৰৈ ?
তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন ।
মনক বুজাব মোৰ ভাষা নাই ।
আছে মাথো তোমাৰ স্মৃতি ।
তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত ।
হাতত হাত থৈ পাৰ কৰা গধূলি ।
তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত।
মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ ।
তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ ।
এদিন দুদিন আৰু বহুদিন ।
মোৰো একেই অপেক্ষা ।
মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ?
এটা ছাতিৰ তলত দুয়ো ভিজা ।
ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন ।
আপোন পাহৰা সময় ।
আকৌ ভিজিব মন আছে ।
কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই ।
বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন ।
তুমি মোৰ বাবে আছা নে ৰৈ ?
তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন ।
মনক বুজাব মোৰ ভাষা নাই ।
আছে মাথো তোমাৰ স্মৃতি ।
তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত ।
হাতত হাত থৈ পাৰ কৰা গধূলি ।
তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত।
মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ ।
তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ ।
এদিন দুদিন আৰু বহুদিন ।
মোৰো একেই অপেক্ষা ।
মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ?
এটা ছাতিৰ তলত দুয়ো ভিজা ।
ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন ।
আপোন পাহৰা সময় ।
আকৌ ভিজিব মন আছে ।
কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই ।
বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন ।
তুমি মোৰ বাবে আছা নে ৰৈ ?
Comments
Post a Comment