শব্দ মোৰ মনৰ

শব্দৰ সন্ধানত এই নিস্তব্ধ নিশা ।
চাৰিওফালে কেৱল আন্ধাৰ আৰু নিশব্দতা।
জোনাকৰ পোহৰ আছিল কিন্তু এতিয়া জানো কত লুকাল ।
আৱৰি ধৰিছে ঘন কঁলা মেঘে ।

ইমান শূন্যতা কিয় ?
আহিবনে এজাক বৰষুণ ?
হবনে ফৰকাল এই ৰাতি ?

শব্দৰ সন্ধানত এই ৰাতি ।
নিশব্দতাই আৱৰি ৰাখিছে মোক ।
মনত আছে তোমাৰ মুখত শুনা গান ।
কিন্তু এতিয়া তুমি আছা দুৰিণীত আৰু মই আছোঁ অকলশৰে।


শব্দৰ সন্ধানত এই ৰাতি ।
নিশব্দতাই অৱৰিছে মোৰ বুকু ।
হবনে ৰাতিপুৱা ? শুনিম নে সেই মধুৰ সুৰ ?
আছোঁ ৰৈ পোহৰলৈ ।
নিশব্দে নীৰৱে ।

Comments

Popular posts from this blog

এজাক বৰষুণ

তোমাৰ অপেক্ষাত

মাথো তোমাৰেই অপেক্ষা