মাথো তোমাৰেই অপেক্ষা
অসীম আকাশৰ তলত মই এটি যাযাবৰ
দিন যায় আৰু ৰাতি
বিচাৰি নাপাওঁ আৰম্ভনি
পথৰ মাজত আছোঁ ৰৈ ...
অপেক্ষাৰত মন
বিচাৰোঁ তোমাৰ পৰশ
তুমিও আছা তোমাৰ পৰশও আছে
মাথো মই নাই
বিচাৰি পোৱা নাই মই পথ
তোমালৈ ।
আঁতৰাই দিয়া সকলো প্ৰাচীৰ
ছিঙি পেলোৱা বান্ধোন
মই আছোঁ অকলশৰে
মাথো তোমাৰেই অপেক্ষাত ।
দিন যায় আৰু ৰাতি
বিচাৰি নাপাওঁ আৰম্ভনি
পথৰ মাজত আছোঁ ৰৈ ...
অপেক্ষাৰত মন
বিচাৰোঁ তোমাৰ পৰশ
তুমিও আছা তোমাৰ পৰশও আছে
মাথো মই নাই
বিচাৰি পোৱা নাই মই পথ
তোমালৈ ।
আঁতৰাই দিয়া সকলো প্ৰাচীৰ
ছিঙি পেলোৱা বান্ধোন
মই আছোঁ অকলশৰে
মাথো তোমাৰেই অপেক্ষাত ।
Comments
Post a Comment