Posts

Showing posts from November, 2017

এটি নিশা তুমি আৰু মই

মই ইয়াত তুমি ইয়াত আৰু আমাৰ মাজত আছে এটি দীঘলীয়া নিশা । মাথোঁ অপেক্ষা আৰম্ভণিৰ। তোমাৰ কোমল বুকুৰ পৰশ পাবলৈ মই ব্যাকুল। সাৱটি লবলৈ তোমাক। আহাঁ আগুৱাই আৰু নীৰৱতা ভাঙি বিচৰাহি মোৰ বুকুৰ উম। আউলি বাউলি তোমাৰ চুলিৰ মাজত মোৰ আঙুলিৰ পৰশ । মোৰ পিঠিত তোমাৰ নখৰ আঁচোৰ। ওঁঠৰ উষ্ম চুমা আঁকি দিয়া । নাৰাখিবা একো বান্ধোন। তুমি মই মিলি এক হওঁ এই নিশা । প্ৰিয়তমা মোৰ গভীৰ এই নিশা আৰু তাঁতকৈও গভীৰ আমাৰ প্ৰেম। ভাগৰি পৰিব সময় আমাৰ মিলনৰ মূহুৰ্তত। এটি দীঘলীয়া নিশা তুমি আৰু মই ।

শব্দ মোৰ মনৰ

শব্দৰ সন্ধানত এই নিস্তব্ধ নিশা । চাৰিওফালে কেৱল আন্ধাৰ আৰু নিশব্দতা। জোনাকৰ পোহৰ আছিল কিন্তু এতিয়া জানো কত লুকাল । আৱৰি ধৰিছে ঘন কঁলা মেঘে । ইমান শূন্যতা কিয় ? আহিবনে এজাক বৰষুণ ? হবনে ফৰকাল এই ৰাতি ? শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই আৱৰি ৰাখিছে মোক । মনত আছে তোমাৰ মুখত শুনা গান । কিন্তু এতিয়া তুমি আছা দুৰিণীত আৰু মই আছোঁ অকলশৰে। শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই অৱৰিছে মোৰ বুকু । হবনে ৰাতিপুৱা ? শুনিম নে সেই মধুৰ সুৰ ? আছোঁ ৰৈ পোহৰলৈ । নিশব্দে নীৰৱে ।

Mor Sotal

মোৰ আছে এখন শুকাই ফাট মেলা চোতাল বহু দিন হল এনেকৈ থকা । হয়তো আগন্তুক সময়তো তেনেকৈয়ে থাকিব । বহু দিনৰ পৰা তাৰ অপেক্ষা এজাক বৰষুণৰ। আগফালৰ শেৱালি জোপাওঁ লেৰেলী গৈছে । দিন ৰাতি একাকাৰ এটোপাল বৰষুণৰ অপেক্ষাত । এজাক পাতলীয়া বৰষুণ আহি ভিজাই গল তাক । মনত পেলাই গল সেউজীয়া দিনৰ সুমধুৰ স্মৃতি । ঠন ধৰি উঠিল শেৱালি জোপাওঁ। কিন্তু এয়া যে আছিল ক্ষন্তেকীয়া এজাক পাতলীয়া বৰষুণ । তাক লাগে এজাক নেৰানেপেৰা বৰষুণ পাবলৈ নতুন উৰ্বৰা । এজোপা তুলসী, এজোপা তগৰ আৰু এজোপা গোলাপ । এখন সম্পূৰ্ণ চোতাল ।