এজাক বৰষুণ
এজাক বৰষুণ
কিমান ভাল লাগে বৰষুণৰ শব্দ ।
টিপ টিপ টোপাল বোৰ নিগৰি আহে আকাশৰ বুকুৰ পৰা ।
এয়া অকল পানীৰ টোপাল নহয় । হয় এক আশা।
কেতিয়াবা টিপ টিপ, কেতিয়াবা জপ জপ ।
এজাক কিনকিনিয়া বৰষুণ । শুকান হৈ ৰোৱা মনত এক আশাৰ সঞ্চাৰ । ভিজাই যায় মোৰ দেহ । মোৰ মন । দি যায় এক বিশেষ সুখ । এক স্বৰ্গীয় অনুভৱ ।
কেতিয়াবা বৰষুণত ভিজি পাইছেনে ?
কেতিয়াবা হঠাৎ অহা বৰষুণত উপায়ন্তৰ হৈ ভিজাৰ কথা সোধা নাই । মই সুধিছো কেতিয়াবা বৰষুণত ভিজি পাইছে নে ?
এবাৰ ভিজি চাওক। আপোন কৰি লওক বৰষুণ জাকক । ভয়াটোৰ আত্মাক মুক্তি দিয়ক ।
বৰষুণৰ পানীৰে নিজকে পৰিচয় কৰাওক । দেহৰ প্ৰতিটো কাণেৰে নিগৰিব দিয়ক । প্ৰতিটো অংগ চুই যাব দিয়ক । আঁকোৱালি লওঁক নিজক। ধুই পেলাওক নিজৰ স্বাভিমানক । ধুই পেলাওক নিজৰ ব্যক্তিত্বক । এক হৈ যাওক প্ৰকৃতিৰ লগত । তেতিয়া বিচাৰি পাব নিজক। নিজৰ অস্তিত্বক ।
এবাৰ বৰষুণত ভিজি চাওক ।
ভাল লাগিব ।

সুন্দৰ
ReplyDelete