এজাক বৰষুণ
এজাক বৰষুণ কিমান ভাল লাগে বৰষুণৰ শব্দ । টিপ টিপ টোপাল বোৰ নিগৰি আহে আকাশৰ বুকুৰ পৰা । এয়া অকল পানীৰ টোপাল নহয় । হয় এক আশা। কেতিয়াবা টিপ টিপ, কেতিয়াবা জপ জপ । এজাক কিনকিনিয়া বৰষুণ । শুকান হৈ ৰোৱা মনত এক আশাৰ সঞ্চাৰ । ভিজাই যায় মোৰ দেহ । মোৰ মন । দি যায় এক বিশেষ সুখ । এক স্বৰ্গীয় অনুভৱ । কেতিয়াবা বৰষুণত ভিজি পাইছেনে ? কেতিয়াবা হঠাৎ অহা বৰষুণত উপায়ন্তৰ হৈ ভিজাৰ কথা সোধা নাই । মই সুধিছো কেতিয়াবা বৰষুণত ভিজি পাইছে নে ? এবাৰ ভিজি চাওক। আপোন কৰি লওক বৰষুণ জাকক । ভয়াটোৰ আত্মাক মুক্তি দিয়ক । বৰষুণৰ পানীৰে নিজকে পৰিচয় কৰাওক । দেহৰ প্ৰতিটো কাণেৰে নিগৰিব দিয়ক । প্ৰতিটো অংগ চুই যাব দিয়ক । আঁকোৱালি লওঁক নিজক। ধুই পেলাওক নিজৰ স্বাভিমানক । ধুই পেলাওক নিজৰ ব্যক্তিত্বক । এক হৈ যাওক প্ৰকৃতিৰ লগত । তেতিয়া বিচাৰি পাব নিজক। নিজৰ অস্তিত্বক । এবাৰ বৰষুণত ভিজি চাওক । ভাল লাগিব ।
Comments
Post a Comment