তোমাৰ অপেক্ষাত
তুমি মোৰ বাবে আছা নে ৰৈ ? তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন । মনক বুজাব মোৰ ভাষা নাই । আছে মাথো তোমাৰ স্মৃতি । তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত । হাতত হাত থৈ পাৰ কৰা গধূলি । তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত। মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ । তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ । এদিন দুদিন আৰু বহুদিন । মোৰো একেই অপেক্ষা । মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ? এটা ছাতিৰ তলত দুয়ো ভিজা । ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন । আপোন পাহৰা সময় । আকৌ ভিজিব মন আছে । কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই । বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন । তুমি মোৰ বাবে আছা নে ৰৈ ?